top of page

মৃত্যু দিৱসত সাহিত্যৰথীক স্মৰণ:সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আৰু অসমীয়া সাহিত্য

  • Writer: Democratic Assam
    Democratic Assam
  • Mar 26, 2024
  • 2 min read

মৃত্যু দিৱসত সাহিত্যৰথীক স্মৰণ:

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আৰু অসমীয়া সাহিত্য

-প্ৰণীতা হালৈ

"আমি অসমীয়া নহওঁ দুখীয়া

কিহৰ দুখীয়া হ'ম

সকলো আছিল সকলো আছে

নুগুণো নলওঁ গম...

সাহিত্যৰথীৰ এই কথাফাঁকিৰে আমি উমান পাওঁ তেওঁৰ জাতীয় স্বাভিমান তথা জাতিটোৰ প্ৰতি থকা দায়বদ্ধতা। অসমীয়া ভাষা, অসমীয়া সাহিত্যৰ কথা যদি আমি আলোচনা কৰিবলৈ লওঁ তেনেহ'লে এইগৰাকী সাহিত্যৰ কাণ্ডাৰীৰ নাম প্ৰথমেই ল'ব লাগিব। অসমীয়া ভাষাৰ যেতিয়া মৃতপ্ৰায় অৱস্থা হৈছিল তেতিয়া লক্ষ্মীনাথ বেজবৰুৱা সহিতে অন্যান্য সাহিত্যক যেনে শৰৎ চন্দ্র গোস্বামী, পদ্মনাথ গোঁহাই বৰুৱা, হেমচন্দ্র বৰুৱা আদিৰ অহোপুৰুষাৰ্থত অসমীয়া ভাষাই আকৌ প্ৰাণ পাই উঠে।

তেওঁলোকৰ আশাসুধীয়া প্ৰচেষ্টাৰ বাবে আজি অসমীয়া হিচাপে গৌৰৱান্বিত।

লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাহিত্যৰ এক উজ্জ্বল নক্ষত্র। তেওঁক বাদ দি আমি অসমীয়া সাহিত্যৰ কথা আৰম্ভ কৰিব নোৱাৰোঁ। তেওঁৰ সৃষ্টিৰাজি অসমীয়া সাহিত্যৰ মুকুতামণি। গল্প, কবিতা, নাটক, পৌৰাণিক আখ্যান, প্ৰবন্ধ, ব্যংগাত্মক লেখা, সাধুকথাৰ মেটমৰা ভাণ্ডাৰেৰে উপচি আছে অসমীয়া সাহিত্যৰ ৰাজভঁৰাল।অসমীয়া সাহিত্যৰ বাবে আগবঢ়োৱা এই অৱদানে অসমীয়া জাতিটোৰ ভেটি টনকিয়াল কৰি অসমীয়া ভাষাটোক পৃথিৱীৰ ভিতৰত এক উল্লেখযোগ্য মিঠা ভাষা হিচাপে চিনাকি কৰি থৈ গৈছে। প্ৰাক্ স্বাধীনতা কালৰপৰাই অসমীয়া সাহিত্যৰ যি চৰ্চা আৰু বিকাশ সেইবোৰ লক্ষ্মীনাথ বেজবৰুৱা তথা তেওঁৰ সহযোগী বৰেণ্য ব্যক্তিসকলৰ প্ৰচেষ্টাতেই সম্ভৱ হৈছিল।

১৮৮৮ চনত লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্রকুমাৰ আগৰৱালা, হেমচন্দ্র গোস্বামী, পদ্মনাথ গোঁহাই বৰুৱা আদিৰ প্ৰচেষ্টাত "অসমীয়া ভাষা উন্নতি সাধিনী সভা" নামৰ এক সাহিত্য অনুষ্ঠানৰ জন্ম হয়। এই অনুষ্ঠানৰ জৰিয়তে এই সাহিত্যিকসকলে অসমীয়া ভাষাটোৰ যি লুপ্তপ্রায় অৱস্থা হৈছিল তাক উদ্ধাৰ কৰাৰ চেষ্টা চলায়। সেই উদ্দেশ্য আগত ৰাখি আৰু অসমীয়া সাহিত্যৰ বিকাশ তথা সৰ্বাংগীন উন্নতিৰ বাবে ১৮৮৯ চনত "জোনাকী" নামে এখন মাহেকীয়া আলোচনী প্ৰকাশ কৰে। এই আলোচনীখনত কবিতা, নাটক, উপন্যাস, চুটিগল্প, প্ৰবন্ধ আদি প্ৰকাশেৰে সাহিত্যৰ ক্ষেত্রখন অধিক প্ৰসাৰিত কৰি তোলে। এই জোনাকী আলোচনীৰ সময়চোৱাক অসমীয়া সাহিত্যৰ জোনাকী যুগ আখ্যা দিয়া হয়।জোনাকী যুগত অসমীয়া সাহিত্যই প্ৰতিটো ক্ষেত্রতে অৰ্থাৎ গল্প, কবিতা, প্ৰবন্ধ, নাটক, উপন্যাস আদিত বিশেষ বিকাশ সাধন হয় আৰু এই বিকাশত লক্ষ্মীনাথ বেজবৰুৱাই অগ্ৰণী ভূমিকা গ্ৰহণ কৰা বাবে জোনাকী যুগটোক "বেজবৰুৱাৰ যুগ " আখ্যা দিয়া হয়। ১৯২৪ চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল ।

লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য সম্ভাৰ- লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যৰ মেটমৰা ভাৰেৰে অসমীয়া সাহিত্যৰ পথাৰখন জীপাল হৈ আছে। লক্ষ্মীনাথ বেজবৰুৱাৰ হাততেই প্ৰথম অসমীয়া চুটিগল্পৰ জন্ম হয়। অসমীয়া ভাষাৰ প্ৰথমখন গল্পপুথি হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ "সুৰভি"। তেওঁৰ অন্যান্য গল্পপুথি সমূহ হ'ল-সাধুকথাৰ কুকি, জোনবিৰি আৰু কেহোকলি। কবিতাপুথি- কদমকলি, পদুমকলি। উপন্যাস- পদুম কুঁৱৰী। নাটক-লিটিকাই, নোমল, পাচনি, চিকৰপতি-নিকৰপতি, নাটৰ কৰণি, চক্ৰধ্বজ সিংহ, জয়মতী কুঁৱৰী, বেলিমাৰ। শিশু সাহিত্য- কামত কৃতিত্ব লভিবৰ সংকেত। সাধুকথাৰ পুথি-বুঢ়ীআইৰ সাধু, ককাদেউতা আৰু নাতিল'ৰা, জুনুকা। ব্যংগ সাহিত্য আৰু ৰস ৰচনা-কৃপাপৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ ওভতনি, বৰবৰুৱাৰ বুলনি, বৰবৰুৱাৰ ভাবৰ বুৰবৰণি বৰবৰুৱাৰ সাহিত্যিক ৰহস্য, কৃপাবৰ বৰুৱাৰ সামৰণি। জীৱনী আৰু তত্ত্বমূলক গ্ৰন্থ-ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত, শংকৰদেৱ, শ্ৰীশ্ৰী শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ, তত্ত্বকথা, শ্ৰীকৃষ্ণকথা আৰু চৈতন্যদেৱ। ইংৰাজী ৰচনা সম্ভাৰ- History of Vaishnavism in India, Rash-Lila of Sri Krishna, Bhakti Marga, The Path of Devotion and Love, Important Incidents of My Calcutta Life.

আত্মজীৱনী-মোৰ জীৱন সোঁৱৰণ। লগতে বিভিন্ন কাকত আলোচনীত প্ৰকাশিত প্ৰবন্ধসমূহো অসমীয়া সাহিত্যৰ উল্লেখযোগ্য অৱদান।

লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত "অ' মোৰ আপোনাৰ দেশ" যিটো অসম সংগীত হিচাপে স্বীকৃত আৰু আমি এই অমৰ গীতটিৰ বাবে অসমীয়া হিচাপে গৌৰৱান্বিত। তেও ইয়াৰ বাহিৰেও বহুতো গীতিকবিতা ৰচনা কৰি থৈ গৈছে। সেইবোৰ আজিও আমাৰ বাবে অমূল্য সম্পদ।

এইদৰে অসমীয়া সাহিত্যৰ বিকাশ তথা প্ৰসাৰত সাহিত্যিক গৰাকীয়ে আগবঢ়াই যোৱা অৱদান আমাৰ বাবে চিৰস্মৰণীয়। তেওঁৰ ৰচনাৰাজি নৱ প্ৰজন্মৰ মাজলৈ লৈ যোৱাটো সকলো অভিভাবক তথা সাহিত্যসেৱীৰে দায়িত্ব আৰু কৰ্তব্য বুলি আমি অনুভৱ কৰোঁ।তেওঁৰ আজি পূণ্য মৃত্যু তিথিত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

ম'বাইল-৭০৮৬৯৩২৯৫৬

Comments


Subscribe to Our Newsletter

Thanks for submitting!

  • Facebook
  • RSS

© 2023 Democratic Assam

bottom of page