top of page

চেঙাস্থিত ব্লুমিছ একাডেমীৰ উদ্যোগত শিক্ষামূলক সজাগতা সভা সম্পন্ন । ডিজিটেল ডেক্স, ডেম'ক্ৰেটিক আছাম, ১৮ মাৰ্চঃ

  • Writer: Democratic Assam
    Democratic Assam
  • Mar 18, 2024
  • 2 min read

চেঙাস্থিত ব্লুমিছ একাডেমীৰ উদ্যোগত শিক্ষামূলক সজাগতা সভা সম্পন্ন ।

ডিজিটেল ডেক্স, ডেম'ক্ৰেটিক আছাম, ১৮ মাৰ্চঃ

বৰপেটা জিলাৰ চেঙাস্থিত ব্লুমিছ একাডেমীৰ উদ্যোগত একাডেমীখনৰ প্ৰাংগণত দেওবাৰে শিক্ষামূলক সজাগতা সভা এখন অনুষ্ঠিত হৈ যায়। আতিকুৰ জামানে উদ্দেশ্য ব্যাখ্যা কৰা সজাগতামূলক সভাখনত সভাপতিত্ব কৰে বিশিষ্ট সমাজসেৱক তথা জ্ঞান বিকাশ একাডেমী শিক্ষানুষ্ঠানখনৰ প্ৰধান শিক্ষক ইউনুছ আলীয়ে । সজাগতা সভাখনত বিভিন্ন অঞ্চলৰ যথেষ্ট সংখ্যক শিক্ষাব্ৰতী তথা শিক্ষা সচেতন ব্যক্তি উপস্থিত থাকে । ব্লুমিছ একাডেমীৰ কৰ্তৃপক্ষই উপস্থিত ৰাইজৰ স'তে মত-বিনিময় কৰি পূব বৰপেটা অঞ্চলত গুণগত শিক্ষা প্ৰদানৰ প্ৰয়াস কৰিছে । উক্ত সভাখনত অঞ্চলটোক শৈক্ষিক ক্ষেত্ৰখনত নতুন ৰূপত আগুৱাই নিয়াৰ সংকল্প গ্ৰহণ কৰে ব্লুমিছ একাডেমীৰ শিক্ষক তথা ফাউণ্ডেশ্যনটোৰ কৰ্তৃপক্ষই । উল্লেখ্য যে বৰপেটা জিলাৰ চেঙাত ২০২২ বৰ্ষতে স্থাপন কৰা হৈছিল ব্লুমিছ একাডেমী নামৰ ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানখন । চলিত বৰ্ষৰ পৰা নতুন শিক্ষা নীতিৰ আধাৰত ন- উদ্যমেৰে অভিজ্ঞতাসম্পন্ন শিক্ষকেৰে ব্লুমিছ একাডেমীয়ে পাঠদানৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে । শিক্ষামূলক সজাগতা সভাখনত কেইবাগৰাকীও বিশিষ্ট লোকে বৰ্তমান শিক্ষা ব্যৱস্থা সম্পৰ্কত ভাষণ প্ৰদান কৰে । শিক্ষাই মানৱ জীৱনৰ মূল সম্পদ বুলি উল্লেখ কৰি ছাত্ৰ- ছাত্ৰীসকলক নম্বৰৰ পিছত নোদৌৰিবলৈ কোৱাৰ লগতে প্ৰকৃত জ্ঞান আহৰণ কৰি সমাজ তথা দেশত জ্ঞানৰ পোহৰ বিলোৱাৰ আহ্বান জনায় কেইবাগৰাকীও বিশিষ্ট লোকে ।

আনহাতে ব্লুমিছ একাডেমীৰ সঞ্চালক সঞ্জীবুৰ ৰহমানে কয় যে- অকল পাঠ্যপুথিৰ শিক্ষাতে সমাপ্ত নাথাকি ব্লুমিছ একাডেমীৰ তত্বাৱধানত একাডেমীখনৰ ছাত্ৰ-ছাত্ৰীসকলক স্কুলীয়া শিক্ষাৰ লগতে গীত- মাত, নৃত্য- চিত্ৰশিল্প, কম্পিউটাৰৰ শিক্ষা দিয়া হ'ব। ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলে ডিজিটেল ক্লাচৰূমৰো সু-ব্যৱস্থা লাভ কৰাৰ লগতে সপ্তাহৰ প্ৰতি শনিবাৰে খেলৰ জড়িয়তে ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব বুলিও জানিবলৈ দিয়ে একাডেমীখনৰ সঞ্চালক সঞ্জীবুৰ ৰহমানে ।

শিক্ষামূলক সজাগতা সভাখনত চেঙা আদৰ্শ মুছলমান গাঁও উন্নয়ন সমিতিৰ সম্পাদক হামিদ আলী , চেঙা মুছলমানপাৰা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি মিৰ্জানুৰ ৰহমান , সমাজসেৱক মকচেদ আলী , শিক্ষাব্ৰতী আব্দুল লতিফ, বৰঘোপাস্থিত জ্ঞানদীপ আঞ্চলিক জুনিয়ৰ কলেজৰ অধ্যক্ষ মতিউৰ ৰহমান, শিক্ষক জাৰনুৰ আলী, বিশিষ্ট যুৱ সমাজকৰ্মী ৰাকেশ আলী, মৌচম আহমেদ, অৰূপ আলী , ডঃ মহিবুল ইছলাম, অৱসৰপ্ৰাপ্ত শিক্ষক ক্ৰমে আৱজেল আলী আৰু আনোৱাৰ হুছেইন, সমাজসেৱক চাদেক আলী , ফিৰোজ তালুকদাৰৰ উপৰিও একাডেমীখনৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকল উপস্থিত থাকি ব্লুমিছ একাডেমীৰ লক্ষ্য আৰু উদ্দেশ্যক আগুৱাই নিয়াত সহায় কৰে ।

Comments


Subscribe to Our Newsletter

Thanks for submitting!

  • Facebook
  • RSS

© 2023 Democratic Assam

bottom of page