top of page

'আধাৰ'ৰ উদ্যোগত সাহিত্যাচাৰ্য মহিম বৰাৰ জন্ম শতবৰ্ষৰ অনুষ্ঠান মহিম বৰাৰ কথন-ভঙ্গী কুৰি শতিকাৰ বিস্ময়ঃ ড° মাধুৰ্য্যমণ্ডিত বৰুৱা

  • Writer: Democratic Assam
    Democratic Assam
  • Jul 9, 2024
  • 2 min read

'আধাৰ'ৰ উদ্যোগত সাহিত্যাচাৰ্য মহিম বৰাৰ জন্ম শতবৰ্ষৰ অনুষ্ঠান

মহিম বৰাৰ কথন-ভঙ্গী কুৰি শতিকাৰ বিস্ময়ঃ ড° মাধুৰ্য্যমণ্ডিত বৰুৱা



ডিজিটেল ডেক্স, ডেম'ক্ৰেটিক আছাম ,৭ জুলাই : 'কুৰি শতিকাৰ শ্ৰেষ্ঠ দহজন অসমীয়া লেখকৰ ভিতৰত মহিম বৰা অন্যতম। গল্পৰ যি কথন-ভঙ্গী সেই ক্ষেত্ৰত শতিকাটোৰ অসমীয়া সাহিত্যিক সকলৰ ভিতৰত মহিম বৰা বিস্ময়কৰ আৱিষ্কাৰ। তেখেতৰ দৰে অনুভৱী কথনশৈলী বিশিষ্ট গল্পকাৰ অসমীয়া সাহিত্যত কাহানিও নোপজে। ভাষাক জীৱন্ত ৰূপ এটাৰে খোজকঢ়াই লৈ ফুৰিব পৰাৰ যি কিটিপ, মহিম বৰাৰ সমকক্ষ আন দ্বিতীয়জন নাই।' এই মন্তব্য কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক, বিশিষ্ট গৱেষক-ইতিহাসবিদ ড° মাধুৰ্য্যমণ্ডিত বৰুৱাৰ। প্ৰসিদ্ধ সাহিত্যিক মহিম বৰাৰ জন্ম শতবৰ্ষ উপলক্ষে 'আধাৰ'ৰ উদ্যোগত শনিবাৰে সন্ধিয়া অনলাইন যোগে আয়োজিত এটা অনুষ্ঠানত উদ্বোধক ৰূপে উপস্থিত থাকি বিশিষ্ট গৱেষক ড° বৰুৱাই আৰু কয় : 'মহিম বৰাৰ ঈৰ্ষণীয় প্ৰতিভাৰ আঁৰত তিনিটা উৎসই শক্তিশালীভাবে ক্ৰিয়া কৰিছিল। প্ৰথমটো- ব্যক্তিগত অনুভৱ উপলব্ধি আশ্ৰিত কল্পনাবোধ আৰু লোকসাংস্কৃতিক চেতনাবোধ; দ্বিতীয়টো- পাশ্চাত্য সাহিত্য শিল্পত কৰা অবাধ বিচৰণ; আৰু তৃতীয়টো- ভক্তি সাহিত্যদৰ্শনত থকা অগাধ পাণ্ডিত্য।' এগচি বন্তি প্ৰজ্বলেনেৰে অনুষ্ঠানটো আনুষ্ঠানিকভাবে উদ্বোধন কৰি দিয়া ভাষণত ড° মাধুৰ্য্যমণ্ডিত বৰুৱাই মহিম বৰাৰ জন্ম শতবৰ্ষ অসমীয়া জাতিয়ে যি ধৰণে উদযাপন কৰিব লাগিছিল, নকৰা বাবে আক্ষেপ কৰে। অনুষ্ঠানটোত মুখ্য বক্তাৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট লেখক-সমালোচক, অধ্যাপক গিৰীশ চন্দ্ৰ দাসে কয় : 'মহিম বৰাৰ যাদুকৰী প্ৰতিভাই অসমীয়া সাহিত্যক সমৃদ্ধ কৰিব পৰাকৈ চমৎকৃত গল্প-কবিতাৰ জন্ম দিছিল। মহিম বৰাৰ সৃষ্টিৰ গুৰুত্বপূৰ্ণ ৰহস্যটো হৈছে তেখেতে সৃষ্টিক লালন-পালন কৰিছিল। পোনে পোনে লেখা এটা পাঠকৰ হাতলৈ দিয়াতকৈ তাক প্ৰতিপাল কৰি পূৰ্ণতা দিছিল।' ভাষণ প্ৰসঙ্গত অধ্যাপক দাসে নৱপ্ৰজন্মৰ মাজত মহিম বৰা আদৰণীয় হৈ থকাটো জাতিটোৰ বাবে শুভবাৰ্তা বুলি অভিহিত কৰে। 'আধাৰ'ৰ মুখ্য সচিব গৌৰাঙ্গ বৰাই আঁত ধৰা অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে সঞ্চালিকা হিমাদ্ৰী হাজৰিকা বৰুৱাই। অনুষ্ঠানটোত আলোচক হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট লেখিকা ড° ৰুমী কলিতাই কয় : 'মহিম বৰাৰ জন্ম শতবৰ্ষ উদযাপন কৰাটো অসমীয়াৰ পৰম কৰ্তব্য। তেখেতৰ নিভাঁজ নিখুঁত আটিল ভাষিক সৃষ্টিয়ে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে।' মহিম বৰাৰ গল্পৰ বিষয়ে গৱেষণা কৰা ড° কলিতাই প্ৰসিদ্ধ সাহিত্যিকহৰাকীৰ গল্পৰ বিষয়েও আলোকপাত কৰি বক্তব্য আগবঢ়ায়। অনুষ্ঠানত অংশ লৈ সাহিত্যাচাৰ্য মহিম বৰাৰ নাতিনী সঞ্জীৱনী বৰাই ককাকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বক্তব্য আগবঢ়োৱাৰ উপৰি 'মাছ' কবিতাটো আবৃত্তি কৰে। অনুষ্ঠানত বাহানা মহাবিদ্যালয়ৰ অধ্যাপিকা ড° মৃদুস্মিতা বৰা, বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যাপক গণেশ বৰ্মন, অধ্যক্ষ ৰাহুল আমিন শেখ, অধ্যাপিকা শিখাৰাণী কাকতি, স্নেহমঞ্জৰী মজুমদাৰ, হাছান আলী আহমেদ, জুৰিটি মেধি বৈশ্য, অধ্যাপক প্ৰাণকৃষ্ণ বৰ্মন, কৰুণা বৰা প্ৰমুখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

Comments


Subscribe to Our Newsletter

Thanks for submitting!

  • Facebook
  • RSS

© 2023 Democratic Assam

bottom of page