top of page

আদ্যশ্ৰাদ্ধলৈ সবিনয়ে নিমন্ত্ৰণ

  • Writer: Democratic Assam
    Democratic Assam
  • May 30, 2024
  • 1 min read

সবিনয় নিবেদন,

অতি দুখেৰে জনাওঁ যে, যোৱা ইংৰাজী ২২ মে’, (৮ জেঠ) ২০২৪ তাৰিখ, বুধবাৰে মোৰ আৰাধ্য স্বামী/দেউতা/শহুৰ টংকেশ্বৰ বৰাৰ পৰলোকপ্ৰাপ্তি ঘটে।

তদুপলক্ষে, অহা ইংৰাজী ১ জুন, ২০২৪ (১৮ জেঠ) তাৰিখ, শনিবাৰে তেখেতৰ আত্মাৰ চিৰশান্তি কামনাৰে আয়োজন কৰা আদ্যশ্ৰাদ্ধ ভাগিত আপোনাৰ/আপোনালোকৰ পদধূলাৰে আমাৰ পৰিয়ালবৰ্গক কৃতাৰ্থ কৰিবহি বুলি সভক্তিৰে এই পত্ৰৰ দ্বাৰাই নিমন্ত্ৰণ জনালোঁ।

পত্ৰৰ দ্বাৰা নিমন্ত্ৰণ জনোৱাৰ ত্ৰুটি মাৰ্জনা কৰে যেন।


ইতি -

শোকসন্তপ্ত পৰিয়ালবৰ্গৰ হৈ -

শ্ৰীমতী মাধুৰী বৰা (পত্নী)

শ্ৰীমতী নয়না বৰা শইকীয়া (জী)

শ্ৰীনয়ন বৰা (পুত্ৰ)

শ্ৰীমতী প্ৰণালী হাজৰিকা (বোৱাৰী)

শ্ৰীৰাজেশ শইকীয়া (জোঁৱাই)

শ্ৰীমায়নদ্বীপ শইকীয়া (জী-নাতি)


শ্ৰাদ্ধবাহৰঃ-

নিজ বাসগৃহ

গান্ধীনগৰ, মাকুম, জিলাঃ তিনিচুকীয়া, অসম

ভ্ৰাম্যভাষঃ ৯৯৫৪৩৫১০২৭, ৭০৮৬১২৪৭৩২

Comments


Subscribe to Our Newsletter

Thanks for submitting!

  • Facebook
  • RSS

© 2023 Democratic Assam

bottom of page